The Alchemist 

দ্য এলকেমিষ্ট 
খণ্ড ১
ল’ৰাটোৰ নাম আছিল ছান্টিয়াগো। সি তাৰ ভেঁড়াৰ জাকটোৰ লগত নিষ্পেষিত গীৰ্জাঘৰটো পাওতে  প্ৰায় সন্ধ্যাই নামিছিল ধৰাৰ বুকুলৈ। গীৰ্জাঘৰটোৰ মূধচখন কেতিয়াবাই জঁহি খহি পৰিছিল আৰু গুৰুজনাৰ পৱিত্ৰ বেদীতো বহু ঘাঁহ বন গজি উঠিছিল । 
সি নিশাটো তাতে কটোৱাৰ সিধান্ত কৰিলে। ভেঁড়াবোৰেও ইতিমধ্যে ভগ্নপ্ৰায় জপনাখনেৰে সোমাই আহিছিল আৰু বাহিৰা কোনো বিপদজনক জন্তু সোমাব নোৱাৰাকৈ আৱৰন এচটা দি উঠিছিল। এনেতো সি জনাত সেইখিনিত কোনো তেনে হিংস্ৰ জানোৱাৰ নাই, কিন্তু খোলা জপনাইদি যদি ৰাতি কেনেবাকৈ এটাও ভেঁড়া বাহিৰলৈ ওলাই যায়, তাক চলাথ কৰোতে তাৰ পিছদিনাৰ সমগ্ৰ সময়কন পাৰ হব। 
 তাৰ জেকেটটোৰে মজিয়াখন সাৰি আগদিনাই পঢ়ি শেষ কৰা কিতাপখনকে গাৰু হিচাপে ব্যৱহাৰ কৰি সি তাতে শুই পৰিল। 
“মই আৰু শকত কিতাপ পঢ়া উচিত”,  সি নিজকে কব ধৰে, ” কাৰণ, শকত কিতাপবোৰ বহুদিন পঢ়িব পাৰি, আৰু সিবিলাকৰে আৰু বেছি আৰামদায়ক গাৰুও হৈ যায়।” 

সি সাৰ পাওতে আন্ধাৰ সামৰাই নাছিল, আৰু, চকু মেলিয়েই সি খোলা ক্ষয়িষ্ণু মুধচেৰে নিশাৰ আকাশত তৰাবোৰৰ চিকমিকনি খুব সুন্দৰকৈ দেখা পাইছিল। 
“আৰু অলপ শুবৰ মন আছিল”, সি মনতে পাগুলি উঠিল। যোৱা সপ্তাহত দেখা সপোনটো সি আকৌ দেখা পালে আৰু আকৌ এবাৰ সপোনটো সমাপ্ত হোৱাৰ আগতেই তাৰ টোপনি ভাগি গল। 
সি ঠিয় হল আৰু লাঠীডালেৰে তেতিয়ালৈকে শুই থকা ভেঁড়াবোৰক জগাব ধৰিলে। সি লক্ষ্য কৰে, সি সাৰ পোৱাৰ লগে লগেই তাৰ প্ৰায়বোৰ ভেঁড়াই লৰচৰ কৰা আৰম্ভ কৰি দিয়ে। এনে লাগে যেন যোৱা দুটা বছৰে খাদ্য পানীৰ সন্ধানত অ’ত ত’ত চৰাই ফুৰা এই ভেঁড়াবোৰৰ লগত তাৰ জীৱনটো  কোনোবা ৰহস্যময় অদৃশ্য শক্তিৰে বান্ধি ৰখা হৈছে।

 “ইহত মোৰ লগত ইমান অভ্যস্ত যে মোৰ দিনসূচী খন প্ৰায় ইহতৰ মূখস্থ হৈ আছে”, সি বিৰবিৰাই উঠিল। এনেদৰে এবাৰলৈ ভাবি সি বুজি উঠিল, প্ৰকৃততে সিহে ভেঁড়াবোৰেৰ দৈনন্দিন জীৱনটোৰ লগত অভ্যস্ত হৈ পৰিছে। 
কিন্তু সিহতৰ মাজত এনে কেইটামান ভেঁড়াও আছিল যি সাৰ পাবলৈ লগাতকৈ বেছি সময় লৈছিল। লাঠীডালেৰে সি এটা এটাক খুচি খুচি নামকাঢ়ি মাতি মাতি জগাব ধৰিলে। ভেঁড়াবোৰে তাৰ ভাষা বুজি পায় বুলি সি সদায় বিশ্বাস কৰিছিল। সেয়ে, সি কেতিয়াবা, কিতাপৰ তাৰ মন চুই যোৱা এটা দুটা পংক্তি সিহতক পঢ়ি শুনাইছিল, নতুবা, চৰণীয়া পথাৰত তাৰ দৰে ভেঁড়াপালকৰ সামায়িক নিসংগতাৰ অথবা সুখৰ বিষয়ে কৈছিল। কেতিয়াবা আকৌ সিহতৰ সতে পাৰ হৈ যোৱা গাওঁবোৰৰ সুন্দৰ দৃশ্যবোৰ বৰ্ননা কৰিছিল। 
কিন্তু যোৱা কেইদিনমান ধৰি সি সিহতৰ আগত একেটা মাত্ৰ বিষয়ৰ ওপৰতে কৈ আছে: সেই ছোৱালীজনী, প্ৰায় চাৰিদিনৰ পিছত সিহত উপস্থিত হবলগীয়া গাওঁখনৰ সদাগৰজনৰ জীয়েকৰ কথা। সি সেইখন গাওঁলৈ মাত্ৰ এবাৰেই গৈছিল, আগৰ বছৰত। শুকান সামগ্ৰীৰ দোকানৰ মালিক সদাগৰজনে সদায় তেওঁৰ দৃষ্টিৰ সন্মুখতে ভেঁড়াবোৰ চৰোৱাটো বিচাৰিছিল যাতে তেওঁ ঠগন নাখায়। কোনোবা এজন বন্ধুৱে সদাগৰজনৰ বিষয়ে তাক জনাইছিল আৰু সি তাৰ ভেঁড়াবোৰে তেওঁৰ তালৈ লৈ গৈছিল। 
*********

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s