The Alchemist

দ্য এলকেমিষ্ট 
খণ্ড ৩
আৰু এয়া চাৰি দিন মাত্ৰ বাকী আছিল, পুনৰ সি সেইখন গাঁৱত উপস্থিত হবলৈ। সি এফালে উৎসাহিত হৈ পৰিছিল, আনহাতে মাজে মাজে তাক কিছুমীন বাৰেবিংকৰি চিন্তায়েও আৱৰি ধৰিছিল। তাৰে মাজত এটা চিন্তাই তাক খুলি খাইছিল, ছোৱালীজনীৰ মনৰ পৰা যদি ইতিমধ্যে তাৰ স্মৃতি মচ খাইছে! ঊণ বিক্ৰী কৰিবৰ বাবে কত যে ভেঁৰাৰখীয়া পাৰ হয় সেই বাটেৰে! 
“কোনো কথা নাই “, সি তাৰ ভেঁড়াবোৰক শুনাই নিজক আশ্বাস দিছিল, “অন্য বহু ঠাইৰ বহু ছোৱালীক মই চিনি পাওঁ।” 
কিন্তু তাৰ হৃদয়খনৰ এই কথা জ্ঞাত আছিল, সি ভেঁড়াবোৰক কোৱাৰ দৰে কথাটোৰ গুৰুত্ব তাৰ ওচৰত প্ৰকৃততে নথকা নহয়। কিয়নো, সি ভালকৈয়ে জানিছিল, সাগৰৰ নাৱিকবোৰ আৰু ভ্ৰাম্যমাণ বিক্ৰেতাবোৰৰ দৰে ভেড়াৰখীয়াবোৰেও এনে এখন চহৰ বিচাৰি উলিয়াই য’ত, কোনোবা এনে এজন ব্যক্তি থাকে যি সিহতৰ  স্বাধীন জীৱনৰ সুখৰো ঊৰ্ধত গৈ সকলো পাহৰাই দিছিল। 
বেলি লহিওৱাৰ যো-জা চলিছিল। সি সূৰ্যমুখী দিশত ভেঁড়াবোৰ চৰাই লৈ গৈছিল। 
“এই যে ভেঁড়াবোৰ, সিহতে কেতিয়াও কোনো সিদ্ধান্ত লবলগীয়া নহয়”,  সি ভাবিছিল, “কিজানি সেইবাবেই সিহত সদায় মোৰ কাষতে থাকে ।” 
সিহতৰ চিন্তা মাত্ৰ কথাতে পুঞ্জীভূত হৈছিল, সিহতৰ খাদ্য আৰু পানীৰ যোগাৰৰ। যেতিয়ালৈকে লৰাটোৱে এণ্ডলুচীয়াৰ শ্ৰেষ্ঠ ঘাঁহনি কেইদৰা বিচাৰি উলিয়াবলৈ সক্ষম হৈ থাকিব তেতিয়ালৈকে সিহঁত তাৰ বন্ধু হৈ থাকিব। হয়, পূৰ্বাহ্নৰ পৰা অপৰাহ্নলৈ তুলনামূলকভাৱে দীঘল নিৰন্তৰ মূহুৰ্তবোৰৰ লগত সিহতৰ দিনবোৰ সদায় একেদৰেই পাৰ হৈছিল। সিহতে কেতিয়াও কৈশোৰ যৌৱন কালত কিতাপ পঢ়া নাছিল, আৰু সেইগতিকে লৰাটোৱে যেতিয়া চহৰবোৰৰ মনোমোহা দৃশ্যবোৰ বৰ্ণনা কৰিছিল সিহতে বুজিও পোৱা নাছিল। সিহঁতবোৰ মাত্ৰ খাদ্য আৰু পানীৰ চিন্তাতে আবস্ত আছিল আৰু কোনোবাই সেইকণৰ যোগান ধৰিলেই ভেঁড়াবোৰে বিনিময়ত প্ৰদান কৰিছিল সিহঁতৰ ঊণ, সংগ, আৰু এবাৰলৈ গাৰ মঙহ। 
“মই যদি আজি দানৱ ৰূপ ধাৰণ কৰো আৰু এটা এটাকৈ সিহতক হত্যা কৰিব লও, মই সৰহভাগক হত্যা কৰি শেষ কৰাৰ পাছতহে সিহতে কথাতো বুজি পাব”, সি ভাবিছিল, “সিহতে মোক বিশ্বাস কৰে আৰু সেয়ে আত্মনিৰ্ভৰশীলতা কি হয় তাক পাহৰি পেলাইছে। প্ৰত্যেক মূহুৰ্ততে সিহতক প্ৰয়োজনীয় পৌস্তিকতাৰ যোগান যিহেতু মই ধৰি আছো।” 
লৰাটো নিজৰ চিন্তাত নিজেই আচৰিত হৈছিল। গীৰ্জাঘৰটো আৰু তাৰ ভিতৰত গজা ঘাঁহ বন বোৰে হয়তো তাৰ ওপৰত বেয়া প্ৰভাৱ পেলাইছিল। এই সকলোবোৰৰ বাবেই হয়তো সি পুনৰ সেই সপোনটো দেখা পাইছিল, আৰু সেই কাৰণতে তাৰ দীৰ্ঘদিনীয়া বিশ্বাসী বন্ধুকেইটাৰ ওপৰতো খং উঠিছিল। আগনিশাৰ আহাৰ খোৱাৰ পিছত ৰাহী হোৱা মদিৰাৰ এসোহা গলাধকৰণ কৰি সি তাৰ জেকেটটো কাষ চপাই আনি সাৱতি ধৰিছিল। সি জানিছিল, আৰু কেইঘন্টামান পিছত যেতিয়া সূৰ্য্য আকাশৰ শিৰোবিন্দুত উপনীত হব, তাপ ইমানে বাঢ়িব যে সি আৰু ভেঁড়াবোৰ পথাৰ পাৰ কৰাই আগবঢ়াই নিব নোৱাৰা হব। এইখিনিয়ে সেই সময়, যেতিয়া সমগ্ৰ স্পেইন গ্ৰীষ্মত টোপনিত লাল কাল দিছিল। নিশা ননমালৈ উষ্ণতা অটল আছিল আৰু এই গোটেই সময়চোৱা সি তাৰ জেকেটতো কঢ়িয়াই লৈ ফুৰিব লগীয়া হৈছিল। কিন্তু তাৰ কান্ধৰ জেকেটৰ বোজাটোকলৈ নিজকে আপত্তি দৰ্শাব লওতেই হঠাৎ তাৰ মনত পৰিছিল, পূৱাৰ নীম্ন তাপমানৰ লগত যুজ দিব পৰাকৈ তাৰ লগতটো সেই  জেকেটটোৱে আছিল। 
“আমি পৰিবৰ্তনৰ লগত খাব খাব পৰাকৈ নিজক সষ্টম কৰি ৰাখিব লাগে। “, সি ভাবিছিল, আৰু ততালিকে জেকেটটোৰ ওজন আৰু উমৰ বাবে কৃতজ্ঞ হৈ পৰিছিল। 
জেকেটটোৰ এটা উদ্দেশ্য আছিল, যিদৰে লৰাটোৰ আছিল। তাৰ উদ্দেশ্য আছিল ভ্ৰমণ কৰাৰ। যোৱা দুটা বছৰত এণ্ডলুচীয়াৰ  প্ৰদেশৰ ভূখণ্ড খোজকাঢ়ি অঞ্চলটোৰ চহৰবোৰৰ সৈতে তাৰ পৰিচয় গঢ়ি উঠিছিল। এইবাৰ সদাগৰৰ জীয়েকক তাৰ দৰে সাধাৰণ ভেঁড়াপালক এজনে কেনেকৈ পঢ়িব শিকিলে সেয়া কোৱাৰ পৰিকল্পনা কৰিছিল। ষোল্ল বছৰ বয়সলৈ সি পাঠশালাত উপস্থিত আছিল। তাৰ মাক দেউতাকে সি পঢ়া শুনা কৰি পিছলৈ গীৰ্জাৰ ধৰ্মযাজক হোৱাতো বিচাৰিছিল যাতে পুত্ৰই সাধাৰণ কৃষকৰ পৰিয়ালটোলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। খাদ্য আৰু পানীৰ বাবে তেওঁলোকও যঠেষ্ট কষ্ট কৰিছিল, ঠিক ভেঁড়াকেইটাৰ দৰে। সি লেটিন, স্পেনিছ আৰু ধৰ্মতত্ব অধ্যয়ন কৰিছিল। কিন্তু শৈশৱৰ পৰাই সি পৃথিৱীখন জানিব বিচাৰিছিল, আৰু তাৰ বাবে এই ইচ্ছাৰ গুৰুত্ব ভগৱান আৰু মানুহৰ পাপৰ জ্ঞানতকৈ বেছি আছিল। কোনো এক আবেলি, সেয়ে সি সাহস গোটাই দেউতাকক তাৰ ইচ্ছাৰ বিষয়ে অৱগত কৰাইছিল, সি ধৰ্মযাজক হব নিবিচাৰে, সি বিচাৰে পৃথিৱী ভ্ৰমণ কৰিব। 
**********

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s