Dear all,   

I used to write during my school days. So you must be thinking what is special about it..since many people on earth do write.  Well,  you are correct. There is not any kind of speciality about my habit of writing. However, I would like to share with you some background here.  

‘Monsoon’- was the name of my diary and it was better than all the human beings near to me in the form of friend during those days because Monsoon was the most unselfish and unconditional love that happened to me.  I jotted down all my feelings, laughter and cries, anger and pains, jokes and portraits, lives and losses on the pages of Monsoon and it demanded nothing in return.  Moreover,  it helped me to take most unbiased decision all the way during past days.  There used to be nothing like worry in the lap of Monsoon. It was just carrying the best kind of love for me in its arms. We shared the most beautiful bond. 

I must tell you here the inspiration behind creation of Monsoon.  It was the ‘Diary of Anne Frank’ which inspired me to find the best of friendship in paper and pen.  Anne Frank,  the Jewish kid, who had been the victim of terrific holocaust carried out by Hitler in Germany, had showed me the way of humanity and truthfulness though her diary.  

There is of course nothing special about a blank paper and ink when they are treated separately.  But when they are brought together and some true feelings are poured on the combo, a beautiful composition happens and the magic begins. Thus, a story is created which can convey the massage from one soul to another and a common path of communication is created over which human starts to discover the phenomena of civilization. 

This is how I used to communicate to the world throughout my Monsoon. The black/blue letters are coupled together to form words which speak about stories of our happiness and sorrows. When the world was busy collecting digits and credits in the name of success I used to share my solitude with Monsoon. They finally found a permanent place on the pages of Monsoon and guided me with due love and contentment. What a true friend Monsoon had been! And, this diary compeled me to derive something always out of all odds and chaos. During a few years of past I used to be almost away from the holy touch of pens and papers. However, nowadays civilisation has gone so far and creativity practices have been digitalized. It is certainly bringing opportunities to lazy people like me to go back to my past habits. I am so fond of the news that now I can write anytime anywhere. 

So, here I am recreating my worlds of words, once again to talk to life and earth. 

With love, 




The Indispensable Darkness

Source :

Melancholy is what we are afraid of. The state of mind where mind pursue desolation often said to be something that deserves its way outside of our houses or social life. But I wonder, why some feelings are always treated with disgust and shits to be thrown away when every feeling starts from our soul and represents our state of mind on various platforms?

Often we are asked and talked about achievements, success, relationship, investments, future plans, performing responsibilities towards family, job, society, nation… regarding everything. But it’s unfortunate that nobody asks and talks about our mental distress, dilemma, issues. These are the silent poisons streaming across the wind, making the air of the town invisibly poisonous.

I dislike superficial talks, such talks suffocate me. I don’t like to waste my time with people who wants me to give a ready-made answer just to nurture their interest. If I’m not OK, then I’m not OK. But when I’m being asked how I’m doing and I tell them that I’m not OK because of this or that 99.99% people start advising why things should be taken easy, why negativity shouldn’t be brought to mind, blah blah. I just wonder, why people hate this dark side of our mental state? As someone has said, “Its ok to not to be ok.”.

Suffering is inevitable. If things would have been easier, nobody would undergo such suffering. A human being can be deceived, misunderstood, broken, depressed, frustrated. He or she can go through any kind of negative aspect of life, for negativity being a part of life is as normal as positivity. One may go through worst of his feelings and still choose to survive. Like that statue of Ozymandias of Egypt, nothing is permanent and it’s time that decides everyone’s decay rate to make it perishable to the soil where it originated from.

Our tendency to see negativity negatively compels us to lie, act, fake. A false attitude is much more dangerous than being negative, for it destroys and kills humanity. Being negative is something which should be treated by means of allowing it to pass through us and understand the root cause of it. More is avoided negativity, more it takes us away from its cause. Unfortunately things do not end there. The vivid unanswered questions, though do not appear in prevailing time, in due course, get suppressed only inside brain like those dormant germs of tuberculosis only to outburst someday later, may be after years or decades or so with resistancy to our ability to deal with the same.

http://source :Internet

The basic treatment of negativity starts from accepting it without judging it or repelling it. It should be brought into the platform for diagnosis to find out its causes followed by discussion to orient it towards positivity. Over and above, it should be treated as a part of our conscience that has its own importance in the process of shaping life. Negativity creates those dark strokes that give the necessary contrast to the canvas of life to give it a meaning. Fire burns, burning makes us scream, so does negativity. But That’s how gold is purified, shape of the metal is changed. Negativity is something, we shouldn’t run away from or throw it out of our mind. Like positivity, it should be something we allow ourselves to go through, suffer through. It is very important to understand the negative experiences and feelings to realise who we are, and what we need to improve in ourselves in order to what we can be.

Run away

And then there have been
Some solitary nights,
Where you pamper yourself
To make yourself feel better
Than you had been
The previous day
Only to find that all
Happiness just remained
In yesterday’s pain that
You are trying this day
From running away!

And then changes a season
To paint a new colour on
The skin of the chameleon
Crawling over the mountains.
“I haven’t seen another happy
Soul ever more than me!”,
Shouting like never before,
As if, to the mountain’s
“O dear! Look at me,
I have mingled to thee!”

And, then gossip the breezes
“Poor guy, he doesn’t know even
That, we’re aware of
camouflage of the instance!”
For, breezes have no colour
No shape and no fragrance, just that
They choose to travel
All the way, across the oceans
Wherever they feel like!

The Alchemist

দ্য এলকেমিষ্ট 
খণ্ড ৩
আৰু এয়া চাৰি দিন মাত্ৰ বাকী আছিল, পুনৰ সি সেইখন গাঁৱত উপস্থিত হবলৈ। সি এফালে উৎসাহিত হৈ পৰিছিল, আনহাতে মাজে মাজে তাক কিছুমীন বাৰেবিংকৰি চিন্তায়েও আৱৰি ধৰিছিল। তাৰে মাজত এটা চিন্তাই তাক খুলি খাইছিল, ছোৱালীজনীৰ মনৰ পৰা যদি ইতিমধ্যে তাৰ স্মৃতি মচ খাইছে! ঊণ বিক্ৰী কৰিবৰ বাবে কত যে ভেঁৰাৰখীয়া পাৰ হয় সেই বাটেৰে! 
“কোনো কথা নাই “, সি তাৰ ভেঁড়াবোৰক শুনাই নিজক আশ্বাস দিছিল, “অন্য বহু ঠাইৰ বহু ছোৱালীক মই চিনি পাওঁ।” 
কিন্তু তাৰ হৃদয়খনৰ এই কথা জ্ঞাত আছিল, সি ভেঁড়াবোৰক কোৱাৰ দৰে কথাটোৰ গুৰুত্ব তাৰ ওচৰত প্ৰকৃততে নথকা নহয়। কিয়নো, সি ভালকৈয়ে জানিছিল, সাগৰৰ নাৱিকবোৰ আৰু ভ্ৰাম্যমাণ বিক্ৰেতাবোৰৰ দৰে ভেড়াৰখীয়াবোৰেও এনে এখন চহৰ বিচাৰি উলিয়াই য’ত, কোনোবা এনে এজন ব্যক্তি থাকে যি সিহতৰ  স্বাধীন জীৱনৰ সুখৰো ঊৰ্ধত গৈ সকলো পাহৰাই দিছিল। 
বেলি লহিওৱাৰ যো-জা চলিছিল। সি সূৰ্যমুখী দিশত ভেঁড়াবোৰ চৰাই লৈ গৈছিল। 
“এই যে ভেঁড়াবোৰ, সিহতে কেতিয়াও কোনো সিদ্ধান্ত লবলগীয়া নহয়”,  সি ভাবিছিল, “কিজানি সেইবাবেই সিহত সদায় মোৰ কাষতে থাকে ।” 
সিহতৰ চিন্তা মাত্ৰ কথাতে পুঞ্জীভূত হৈছিল, সিহতৰ খাদ্য আৰু পানীৰ যোগাৰৰ। যেতিয়ালৈকে লৰাটোৱে এণ্ডলুচীয়াৰ শ্ৰেষ্ঠ ঘাঁহনি কেইদৰা বিচাৰি উলিয়াবলৈ সক্ষম হৈ থাকিব তেতিয়ালৈকে সিহঁত তাৰ বন্ধু হৈ থাকিব। হয়, পূৰ্বাহ্নৰ পৰা অপৰাহ্নলৈ তুলনামূলকভাৱে দীঘল নিৰন্তৰ মূহুৰ্তবোৰৰ লগত সিহতৰ দিনবোৰ সদায় একেদৰেই পাৰ হৈছিল। সিহতে কেতিয়াও কৈশোৰ যৌৱন কালত কিতাপ পঢ়া নাছিল, আৰু সেইগতিকে লৰাটোৱে যেতিয়া চহৰবোৰৰ মনোমোহা দৃশ্যবোৰ বৰ্ণনা কৰিছিল সিহতে বুজিও পোৱা নাছিল। সিহঁতবোৰ মাত্ৰ খাদ্য আৰু পানীৰ চিন্তাতে আবস্ত আছিল আৰু কোনোবাই সেইকণৰ যোগান ধৰিলেই ভেঁড়াবোৰে বিনিময়ত প্ৰদান কৰিছিল সিহঁতৰ ঊণ, সংগ, আৰু এবাৰলৈ গাৰ মঙহ। 
“মই যদি আজি দানৱ ৰূপ ধাৰণ কৰো আৰু এটা এটাকৈ সিহতক হত্যা কৰিব লও, মই সৰহভাগক হত্যা কৰি শেষ কৰাৰ পাছতহে সিহতে কথাতো বুজি পাব”, সি ভাবিছিল, “সিহতে মোক বিশ্বাস কৰে আৰু সেয়ে আত্মনিৰ্ভৰশীলতা কি হয় তাক পাহৰি পেলাইছে। প্ৰত্যেক মূহুৰ্ততে সিহতক প্ৰয়োজনীয় পৌস্তিকতাৰ যোগান যিহেতু মই ধৰি আছো।” 
লৰাটো নিজৰ চিন্তাত নিজেই আচৰিত হৈছিল। গীৰ্জাঘৰটো আৰু তাৰ ভিতৰত গজা ঘাঁহ বন বোৰে হয়তো তাৰ ওপৰত বেয়া প্ৰভাৱ পেলাইছিল। এই সকলোবোৰৰ বাবেই হয়তো সি পুনৰ সেই সপোনটো দেখা পাইছিল, আৰু সেই কাৰণতে তাৰ দীৰ্ঘদিনীয়া বিশ্বাসী বন্ধুকেইটাৰ ওপৰতো খং উঠিছিল। আগনিশাৰ আহাৰ খোৱাৰ পিছত ৰাহী হোৱা মদিৰাৰ এসোহা গলাধকৰণ কৰি সি তাৰ জেকেটটো কাষ চপাই আনি সাৱতি ধৰিছিল। সি জানিছিল, আৰু কেইঘন্টামান পিছত যেতিয়া সূৰ্য্য আকাশৰ শিৰোবিন্দুত উপনীত হব, তাপ ইমানে বাঢ়িব যে সি আৰু ভেঁড়াবোৰ পথাৰ পাৰ কৰাই আগবঢ়াই নিব নোৱাৰা হব। এইখিনিয়ে সেই সময়, যেতিয়া সমগ্ৰ স্পেইন গ্ৰীষ্মত টোপনিত লাল কাল দিছিল। নিশা ননমালৈ উষ্ণতা অটল আছিল আৰু এই গোটেই সময়চোৱা সি তাৰ জেকেটতো কঢ়িয়াই লৈ ফুৰিব লগীয়া হৈছিল। কিন্তু তাৰ কান্ধৰ জেকেটৰ বোজাটোকলৈ নিজকে আপত্তি দৰ্শাব লওতেই হঠাৎ তাৰ মনত পৰিছিল, পূৱাৰ নীম্ন তাপমানৰ লগত যুজ দিব পৰাকৈ তাৰ লগতটো সেই  জেকেটটোৱে আছিল। 
“আমি পৰিবৰ্তনৰ লগত খাব খাব পৰাকৈ নিজক সষ্টম কৰি ৰাখিব লাগে। “, সি ভাবিছিল, আৰু ততালিকে জেকেটটোৰ ওজন আৰু উমৰ বাবে কৃতজ্ঞ হৈ পৰিছিল। 
জেকেটটোৰ এটা উদ্দেশ্য আছিল, যিদৰে লৰাটোৰ আছিল। তাৰ উদ্দেশ্য আছিল ভ্ৰমণ কৰাৰ। যোৱা দুটা বছৰত এণ্ডলুচীয়াৰ  প্ৰদেশৰ ভূখণ্ড খোজকাঢ়ি অঞ্চলটোৰ চহৰবোৰৰ সৈতে তাৰ পৰিচয় গঢ়ি উঠিছিল। এইবাৰ সদাগৰৰ জীয়েকক তাৰ দৰে সাধাৰণ ভেঁড়াপালক এজনে কেনেকৈ পঢ়িব শিকিলে সেয়া কোৱাৰ পৰিকল্পনা কৰিছিল। ষোল্ল বছৰ বয়সলৈ সি পাঠশালাত উপস্থিত আছিল। তাৰ মাক দেউতাকে সি পঢ়া শুনা কৰি পিছলৈ গীৰ্জাৰ ধৰ্মযাজক হোৱাতো বিচাৰিছিল যাতে পুত্ৰই সাধাৰণ কৃষকৰ পৰিয়ালটোলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। খাদ্য আৰু পানীৰ বাবে তেওঁলোকও যঠেষ্ট কষ্ট কৰিছিল, ঠিক ভেঁড়াকেইটাৰ দৰে। সি লেটিন, স্পেনিছ আৰু ধৰ্মতত্ব অধ্যয়ন কৰিছিল। কিন্তু শৈশৱৰ পৰাই সি পৃথিৱীখন জানিব বিচাৰিছিল, আৰু তাৰ বাবে এই ইচ্ছাৰ গুৰুত্ব ভগৱান আৰু মানুহৰ পাপৰ জ্ঞানতকৈ বেছি আছিল। কোনো এক আবেলি, সেয়ে সি সাহস গোটাই দেউতাকক তাৰ ইচ্ছাৰ বিষয়ে অৱগত কৰাইছিল, সি ধৰ্মযাজক হব নিবিচাৰে, সি বিচাৰে পৃথিৱী ভ্ৰমণ কৰিব। 

The Alchemist 

দ্য এলকেমিষ্ট 
খণ্ড ২
“মই অলপ ঊণ বেচিব বিচাৰিছো।”, লৰাটোৱে সদাগৰজনক জনালে। 
দোকানত মানুহৰ যঠেষ্ট ভিৰ আছিল, ল’ৰাটোক সদাগৰে আবেলিলৈ বাট চাব কলে। আবেলিলৈ আৰু ভালেমান পৰ বাকী আছিল, সি দোকানৰ চিৰি কেইটাতে লেপেটা কাঢ়ি বহি লৈ মোনাটোৰ পৰা কিতাপ এখন উলিয়াই ললে। 
“ভেঁড়াপালকে পঢ়া শুনা কৰিব জানে বুলি মই আগতে জনা নাছিলো “, হঠাৎ পিছফালে এক সুমধুৰ নাৰী শব্দত সি চক খাই উঠিল। 
তাৰ পিছফালে সেয়া যেন এণ্ডলুচীয়া প্ৰদেশৰ নাৰীৰ অপ্ৰতিম সৌন্দৰ্য্যৰ এক প্ৰতীক! ঘন বৈ পৰা একোচা কিচকিচিয়া কলা চুলি আৰু দুনয়ন, যি ধূসৰকৈ হলেও মনত পেলাই দিব পাৰে মোৰীচ্ বিজেতাক! 
” মই দৰাচলতে কিতাপতকৈ বেছি মোৰ ভেঁড়াবোৰৰ পৰাহে শিকিছো। “,  সি উত্তৰ দিয়ে। দুঘণ্টাৰ কথোপকথনৰ মাজত ছোৱালীজনীয়ে তাক জনালে যে, তাই সেই সদাগৰৰ জীয়েক। তাই তাক গাৱৰ চহা জীৱনৰ কথা জনালে, য’ত প্ৰতিদিনে আপাততঃ কোনো নতুনত্ব নাথাকে। সি তাইক দৈনন্দিন এণ্ডলুচীয়ান গ্ৰাম্য জীৱনৰ আভাস দিবৰ চেষ্টা কৰিলে, আৰু তাৰ লগতে ভেঁড়াবোৰৰ সৈতে সি ভ্ৰমন কৰা ঠাইবোৰৰ তথ্যবোৰ। ভেঁড়াৰ সৈতে কৰা তাৰ কথোপকথনপৰা সেই বাৰ্তালাপলৈ এক সুন্দৰ পৰিৱৰ্তন আছিল। 
“তুমি পঢ়া শুনা কৰিব কেনেকৈ শিকিলা? “, কোনো এটা মূহুৰ্তত ছোৱালীজনীয়ে তাক সুধিলে। 
” যিদ’ৰে বাকী মানুহে শিকে”, তাৰ উত্তৰ, “বিদ্যালয়ত।” 
“বাৰু, তুমি যদি পঢ়া শুনা কৰিব জানিছিলাই আকৌ কিয়া ভেঁড়াৰখীয়া হ’লা?”
সি মুখৰ মাজত ভোৰভোৰাই উত্তৰ এটা এনেকৈ কলে যাতে তাইৰ আৰু পৰৱৰ্তী প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকিব পাৰি। সি নিশ্চিত, ছোৱালীজনীয়ে কেতিয়াও বুজি নাপাব। সি তাৰ ভ্ৰমন কাহিনীবোৰ তাইৰ আগত বৰ্ননা কৰি গল আৰু আশ্চৰ্য্য আৰু ভ্ৰিতীত  ক্ৰমশঃ তাইৰ মোৰীশ্ব্ চকুযুৰি বহল হৈ গল। সময় যোৱাৰ লগে লগে তাৰ এনে লাগিল যেন দিনটো কেতিয়াও শেষ নহওক, যেন ছোৱালীজনীৰ দেউতাকক ব্যস্ততাই আৱৰি ৰাখক আৰু তেওঁ তাক তিনিদিন মান অপেক্ষা কৰাওক।সম্পূৰ্ণ নতুন অনুভৱ এটাই তাৰ হৃদয়ত তোলপাৰ লগাব ধৰিলে, একেখন ঠাইতে চিৰজীৱন ৰৈ যোৱাৰ বাসনা এটা জাগি উঠিল। কিচকিচিয়া ঘন চুলিৰ ছোৱালীজনীৰ লগত তাৰ দিনবোৰ সম্পূৰ্ণ সলনি হৈ গলহ’লে। 
…অৱশেষত সদাগৰজন আহিছিল। আহিয়েই লৰাজনক তেওঁ  চাৰিটা  ভেঁড়াৰ ঊণ চাঁচি উলিয়াব কৈছিল। ঊণখিনিৰ মূল্য দি তাক পৰৱৰ্ত্তী বছৰত আকৌ আহিব কৈ বিদায় দিয়ে তেওঁ। 

The Alchemist 

দ্য এলকেমিষ্ট 
খণ্ড ১
ল’ৰাটোৰ নাম আছিল ছান্টিয়াগো। সি তাৰ ভেঁড়াৰ জাকটোৰ লগত নিষ্পেষিত গীৰ্জাঘৰটো পাওতে  প্ৰায় সন্ধ্যাই নামিছিল ধৰাৰ বুকুলৈ। গীৰ্জাঘৰটোৰ মূধচখন কেতিয়াবাই জঁহি খহি পৰিছিল আৰু গুৰুজনাৰ পৱিত্ৰ বেদীতো বহু ঘাঁহ বন গজি উঠিছিল । 
সি নিশাটো তাতে কটোৱাৰ সিধান্ত কৰিলে। ভেঁড়াবোৰেও ইতিমধ্যে ভগ্নপ্ৰায় জপনাখনেৰে সোমাই আহিছিল আৰু বাহিৰা কোনো বিপদজনক জন্তু সোমাব নোৱাৰাকৈ আৱৰন এচটা দি উঠিছিল। এনেতো সি জনাত সেইখিনিত কোনো তেনে হিংস্ৰ জানোৱাৰ নাই, কিন্তু খোলা জপনাইদি যদি ৰাতি কেনেবাকৈ এটাও ভেঁড়া বাহিৰলৈ ওলাই যায়, তাক চলাথ কৰোতে তাৰ পিছদিনাৰ সমগ্ৰ সময়কন পাৰ হব। 
 তাৰ জেকেটটোৰে মজিয়াখন সাৰি আগদিনাই পঢ়ি শেষ কৰা কিতাপখনকে গাৰু হিচাপে ব্যৱহাৰ কৰি সি তাতে শুই পৰিল। 
“মই আৰু শকত কিতাপ পঢ়া উচিত”,  সি নিজকে কব ধৰে, ” কাৰণ, শকত কিতাপবোৰ বহুদিন পঢ়িব পাৰি, আৰু সিবিলাকৰে আৰু বেছি আৰামদায়ক গাৰুও হৈ যায়।” 

সি সাৰ পাওতে আন্ধাৰ সামৰাই নাছিল, আৰু, চকু মেলিয়েই সি খোলা ক্ষয়িষ্ণু মুধচেৰে নিশাৰ আকাশত তৰাবোৰৰ চিকমিকনি খুব সুন্দৰকৈ দেখা পাইছিল। 
“আৰু অলপ শুবৰ মন আছিল”, সি মনতে পাগুলি উঠিল। যোৱা সপ্তাহত দেখা সপোনটো সি আকৌ দেখা পালে আৰু আকৌ এবাৰ সপোনটো সমাপ্ত হোৱাৰ আগতেই তাৰ টোপনি ভাগি গল। 
সি ঠিয় হল আৰু লাঠীডালেৰে তেতিয়ালৈকে শুই থকা ভেঁড়াবোৰক জগাব ধৰিলে। সি লক্ষ্য কৰে, সি সাৰ পোৱাৰ লগে লগেই তাৰ প্ৰায়বোৰ ভেঁড়াই লৰচৰ কৰা আৰম্ভ কৰি দিয়ে। এনে লাগে যেন যোৱা দুটা বছৰে খাদ্য পানীৰ সন্ধানত অ’ত ত’ত চৰাই ফুৰা এই ভেঁড়াবোৰৰ লগত তাৰ জীৱনটো  কোনোবা ৰহস্যময় অদৃশ্য শক্তিৰে বান্ধি ৰখা হৈছে।

 “ইহত মোৰ লগত ইমান অভ্যস্ত যে মোৰ দিনসূচী খন প্ৰায় ইহতৰ মূখস্থ হৈ আছে”, সি বিৰবিৰাই উঠিল। এনেদৰে এবাৰলৈ ভাবি সি বুজি উঠিল, প্ৰকৃততে সিহে ভেঁড়াবোৰেৰ দৈনন্দিন জীৱনটোৰ লগত অভ্যস্ত হৈ পৰিছে। 
কিন্তু সিহতৰ মাজত এনে কেইটামান ভেঁড়াও আছিল যি সাৰ পাবলৈ লগাতকৈ বেছি সময় লৈছিল। লাঠীডালেৰে সি এটা এটাক খুচি খুচি নামকাঢ়ি মাতি মাতি জগাব ধৰিলে। ভেঁড়াবোৰে তাৰ ভাষা বুজি পায় বুলি সি সদায় বিশ্বাস কৰিছিল। সেয়ে, সি কেতিয়াবা, কিতাপৰ তাৰ মন চুই যোৱা এটা দুটা পংক্তি সিহতক পঢ়ি শুনাইছিল, নতুবা, চৰণীয়া পথাৰত তাৰ দৰে ভেঁড়াপালকৰ সামায়িক নিসংগতাৰ অথবা সুখৰ বিষয়ে কৈছিল। কেতিয়াবা আকৌ সিহতৰ সতে পাৰ হৈ যোৱা গাওঁবোৰৰ সুন্দৰ দৃশ্যবোৰ বৰ্ননা কৰিছিল। 
কিন্তু যোৱা কেইদিনমান ধৰি সি সিহতৰ আগত একেটা মাত্ৰ বিষয়ৰ ওপৰতে কৈ আছে: সেই ছোৱালীজনী, প্ৰায় চাৰিদিনৰ পিছত সিহত উপস্থিত হবলগীয়া গাওঁখনৰ সদাগৰজনৰ জীয়েকৰ কথা। সি সেইখন গাওঁলৈ মাত্ৰ এবাৰেই গৈছিল, আগৰ বছৰত। শুকান সামগ্ৰীৰ দোকানৰ মালিক সদাগৰজনে সদায় তেওঁৰ দৃষ্টিৰ সন্মুখতে ভেঁড়াবোৰ চৰোৱাটো বিচাৰিছিল যাতে তেওঁ ঠগন নাখায়। কোনোবা এজন বন্ধুৱে সদাগৰজনৰ বিষয়ে তাক জনাইছিল আৰু সি তাৰ ভেঁড়াবোৰে তেওঁৰ তালৈ লৈ গৈছিল। 

The Alchemist (দ্য এলকেমিষ্ট)

(by, Paulo Coelho মূল: পাওলো কোৱেলহো) 

এলকেমিষ্টজনে যাত্ৰীবোৰৰ কোনোবা এজনে কিনি থৈ যোৱা কিতাপ এখন হাতত তুলি ললে। পাতবোৰ লুটিয়াই যাওঁতে তেওঁৰ নাৰ্চিচাচৰ গল্পটোৰ ওপৰত চকু পৰিল। 

‌ নাৰ্চিচাচৰ কাহিনী এলকেমিষ্টজনৰ অৱগত নাছিল যে তেনেকুৱা নহয়, সেই নাৰ্চিচাচ, যি প্ৰতিদিনে এটা হ্ৰদৰ পাৰত বহি তাৰ স্ফটিক যেন পানীত নিজৰ প্ৰতিচ্ছবি চাই নিজৰ ৰূপত বিভোৰ হৈ পৰিছিল। তেওঁ নিজৰ ৰূপত ইমানেই বিভোৰ হৈ পৰিছিল যে তেনেকৈ নিজক চাই থাকোঁতে কোনোবা এটা ৰাতিপুৱা তেওঁ হ্ৰদৰ পানীত পৰি ডুবি গৈছিল। আৰু তেওঁ পৰা সেই স্থানত এজোপা ফুলগছ গজালি মেলিছিল, যাৰ নাম পিছলৈ মানুহে নাৰ্চিচাচ থৈছিল। 

‌কিন্তু এই কিতাপখনৰ লিখকে কাহিনীটো তেনেকৈ সমাপ্ত কৰা নাছিল। 

‌ তেওঁ কৈছিল, নাৰ্চিচাচৰ মৃত্যুৰ পাছত হ্ৰদটোক বিচাৰি অৰণ্যৰ দেৱীসকল আহিছিল আৰু দেৱীসকলে যেতিয়া হ্ৰদটো বিচাৰি পাইছিল,  তেতিয়া হ্ৰদৰ ফটিকৰ দৰে পানীখিনি ক্ৰমশঃ লুনীয়া চকুলোলৈ ৰূপান্তৰ হৈছিল। 

‌”কিয় কান্দিছা তুমি? ” দেৱীসকলে হ্ৰদক সুধিছিল। 

‌” মই নাৰ্চিচাচৰ বাবে কান্দিছো। ” হ্ৰদৰ উত্তৰ। 

‌” অাস! তুমি নাৰ্চিচাচৰ বাবে কন্দাটোত কোনো আশ্চৰ্য নাই বাৰু”, দেৱীসকলে কৈছিল, “যদিও আমি সকলোৱে তেওঁক অৰণ্যত পাইছিলো, মাত্ৰ তুমিয়েই তেওঁৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ সুযোগ পাইছিলা!” 

‌”কিন্তু…….. নাৰ্চিচাচ সুন্দৰ আছিলনে? ” হ্ৰদটোৱে সুধিছিল।

‌” সেইটো তোমাতকৈ ভালকৈ আৰু কোনেনো জানিব? ” দেৱীসকলে আচৰিত হৈ সুধিলে,” তেওঁ প্ৰত্যেকদিনাই তোমাৰহে পাৰত বহি নিজৰ ৰূপৰ সুধাপান কৰিছিল।”

‌হ্ৰদটো নিশ্চুপ হৈ ৰ ল। বহু দেৰিৰ মুৰত কলে, “মই নাৰ্চিচাচৰ কাৰণে কান্দিছো, কিন্তু নাৰ্চিচাচ কেনে আছিল দেখিবলৈ তেওঁক মই কেতিয়াও লক্ষ্যই কৰা নাছিলো। মই কান্দিছো কাৰণ, যেতিয়াই নাৰ্চিচাচ মোৰ পাৰত বহি নিজৰ প্ৰতিচ্ছবি চাইছিল, তেতিয়াই প্ৰতিদিনে তেওঁৰ দুচকুৰ গভীৰতাত মই মোৰ নিজৰ সৌন্দৰ্য্য প্ৰতিফলিত হোৱা দেখা পাইছিলোঁ।” 

‌”কি সুন্দৰ গল্প!  “, এলকেমিষ্টজনে ভাবিলে।


“আই অ’, এতিয়াৰ পৰা তই আৰু এনে সাজবোৰ নিপিন্ধিবি।”  

তাইৰ প্ৰিয় ৰঙা মেখেলা চাদৰ জোৰ পেৰাটোৰ পৰা উলিয়াই তাৰ ঠাইত শুকুলা ৰঙৰ সোনালী পাৰীৰ কপাহী কাপোৰ দুজোৰমান সুমুৱাই দিলে পেহীয়েকে। ৰঙা ৰংটো তাই ভাল পাই বুলি জানি মানুহজনেই তাইক কাপোৰজোৰ আনি দিছিল। বৰ হেপাঁহেৰে আনিছিল কাপোৰজোৰ তেখেতে। আঢ়ৈ কঠা মাটিত পুঁৱতি নিশাতে উঠি হাল বাই অঁতাই টেকেলি মুখত দিয়া পিঠা কেইটাৰ সতে তাই যতনাই দিয়া চাহবাতি হাতত লৈ তাইক দিনটোৰ লাগতিয়াল বজাৰৰ কথা সোধা সময়খিনি তাইৰ খুবেই প্ৰিয় আছিল। তেনে এটা দিনতেই হঠাৎ তেঁওক তাই কৈ পাইছিল ৰঙা ৰংটো তাইৰ কিমান প্ৰিয়। 

“হওক তেও,  তোমাৰো যে পচন্দৰ ৰং এটা আছে। ” তাইৰ প্ৰিয় ৰংটোৰ কথাৰে জোকাই খুব আনন্দ পাইছিল তেঁও। 

পিছৰটো বৰবিহুত যেতিয়া তাই তেঁওক সেৱা কৰিব লৈছিল, তেঁওৰ হাতত তুলি দিছিল ৰঙা কাপোৰজোৰ। ৰঙাত সেউজীয়া বুটা বচা কপাহী কাপোৰযোৰ পাই তাইৰ ফুৰ্তিৰ সীমা নাছিল। সুখ মানুহজনৰো দুচকুত জিলিকি উঠিছিল। বিয়াৰ পিছত তাইক দিয়া সেয়া তেওৰ প্ৰথম উপহাৰ, তাকো তাইৰ প্ৰিয় ৰঙৰ। ৰঙা ৰঙৰে বগী মানুহজনী খুব শুৱাইছিল। পথৰুৱা ঘামেৰে তিতি থকা বুকুখনৰ মাজত সুমুৱাই লৈছিল তেঁও মৰমলগা মানুহজনীক। অদুৰৰ চোতালত কিৰিলি পাৰি থকা শালিকীকেইজনীয়ে লাজ পাই ভুৰুংকৈ উৰা মাৰিছিল। 

বহাগৰ মাহ পৰাৰ লগে লগেই হুৱাদুৱা লাগিছিল পথাৰখনত। এফালে বিহুৰ হৈ চৈ,  সিফালে কঠীয়া সিঁচাৰ তৰণি। তাই অকলে সকলোফালে তাল মিলাই চলিবলগীয়া হৈছিল। ঢেকীত বড়া চাউলকেইটা বণিবলৈ অৱশ্যে চুবুৰীৰ ছোৱালীকিজনী নহাকৈ থকা নাছিল। পদুলি মূখৰ নাৰিকল চাৰিটামান মানুহজনে পাৰি আনি চোতালতে বাকলি গুছাই পানীকন নিগৰাই তাইলৈ ধুনীয়াকৈ আগবঢ়াই দিছিল। বলধহালৰ বাবে মৰাপাটৰ পাক দি তাৰ মাজে মাজে তৰাগছৰ বাকলি খাঁজি নতুন পঘাদাল তেঁওৱেই বনাইছিল। বলধহালক তেওঁ খুব মৰম কৰিছিল। তেওঁৰ সেউজীয়া পথাৰখনৰ মূল কাৰিকৰ বলধহাল। 

পিছৰটো মাঘত তাই মেজিৰ গুৰিলৈ যাব পৰা নাছিল। এসোঁতা ৰঙা তেজৰ মাজেৰে কণমানি ৰণ্টু দ্বিতীয়টো উপহাৰ হৈ সিহতৰ মাজলৈ আহিছিল। মানুহজনৰ খেতিৰ মাটি দুলেচামান বাঢ়িছিল। পথাৰৰ এটা অংশ আধি দি বাকী তেওঁ নিজে চহাইছিল। পথৰুৱা কলিজা মানুহজনৰ। ধানখেতিৰ কাষে কাষে আগবাঢ়ি গৈছিল ঋতু অনুযায়ী বিভিন্ন বতৰৰ খেতি। শইষবোৰৰ ৰংবোৰৰ লগত উজাই আহিছিল সপোন। তেওঁৰ লগত তায়ো দেখিছিল সপোন। বলধহালৰ লগ হবলৈ এজনী গাই আনিছিল নদীৰ ইপাৰৰ গাঁৱৰ পৰা কিনি। 

ৰণ্টুৰ মাত ফুটিছিল। “মাঁ”, “তা” কৈ সি ঘৰখন মুখৰ কৰি তুলিছিল। তাৰ কণমানি হাতখনত এদিন তেওঁ মাটি পেঞ্চিল গুজি দিছিল। ক’লা চিলটখনত তাৰ বগা আঁক বাকবোৰ দেখি বৰ আবেগিক হৈ পৰিছিল তেঁও। নৱম মানত পঢ়ি থাকোতেই পিতৃহাৰা হৈছিল তেওঁ। দুজনীকৈ বিয়াৰ যোগ্য হোৱা ছোৱালী থকা ঘৰখনত যেন হঠাৎ এটা যতি চিন পৰি গৈছিল। স্কুলতকৈ খেতিখনে তেওঁৰ বেছি প্ৰয়োজন অনুভৱ কৰিছিল। ৰণ্টুৰ চিলটখনত আৰু তাৰ মাটিপেঞ্চিলৰ আঁক বাঁক বোৰত তেঁওৰ নৱম শ্ৰেণীৰ আধৰুৱা শিশু সপোনটো বহু বছৰৰ মুৰত সাৰ পাই উঠিছিল। 

ভোলা মাষ্টৰৰ অংগনবাড়ীত ৰণ্টুক নামভৰ্তি কৰিবলৈ তেওঁক অকলে যাব কোৱা স্বত্বেও তাইক এৰি যোৱা নাছিল মানুহজনে। ৰণ্টু দুয়োৰে কৃতিত্ব। তাৰ প্ৰথম খোজটিত তেঁওৰ লগতে তায়ো সমানে ভাগীদাৰ হোৱাটো বিচাৰিছিল। মানুহজনৰ যুক্তিত অৱশেষত হাৰ মানি তাই পেৰাটোৰ পৰা উলিয়াই লৈছিল তাইৰ প্ৰিয় ৰঙৰ কাপোৰজোৰ। 

“মাঁ, ধুনু….  ধুনু! ” 

ৰঙা কাপোৰত মৰমলগা মানুহজনীক নিজে কব খোজা কথাটো ৰণ্টুৰ মুখত শুনি হাঁহিত ফাটি পৰিছিল তেঁও। 

ধানবোৰৰ লগত ৰণ্টুও বাঢ়িছিল। ৰ’দে কেতিয়াবা হেঁচা মাৰি ধৰিছিল তাইক। ৰঙা পৰিছিল দুগাল। স্কুলৰ পৰা আহি পথাৰত থকা দেউতাকৰ ওচৰলৈ দৌৰ মৰাটো তাৰ অভ্যাসেই হৈ গৈছিল। এনে এটা দুপৰীয়াতে পথাৰৰ পৰা ৰণ্টুৰ টেঁটুফলা চিঞঁৰ শুনি দৌৰি গৈছিল তাই। 

কোঁহে কোঁহে তেজ! মানুহজনৰ কাহৰ লগত উপৰি অহা ৰঙা তেজখিনি দেখি কোনোমতে তাই বাগৰি নপৰাকে নিজক ৰাখিছিল। 

“একো হোৱা নাই মোৰ। তুমি চিন্তা নকৰিবা। ভাল হম মই। ”

টাউনৰ ডাক্টৰক দেখাওতে তায়ো আছিল লগত। সকলোবোৰ কথা তাই বুজি পোৱা নাছিল। মাত্ৰ বেমাৰ কি হৈছে সোধাত ডাক্টৰবাবুজনে কিবা টিবি নে কি হোৱা বুলি কৈছিল। বগা,  হালধীয়া কেবাৰঙৰো পিল দিছিল তেওক। তাই ইমান বুজি পোৱা নাছিল। মাত্ৰ শুনিছিল, মানুহজনক তেজ দিব লাগিব। ৰঙা কোষ নে কিবা কমি গৈছে হেনো। 

তেজৰো যে ভাগ থাকে সিদিনাহে জানিছিল তাই। তাইতো ৰঙা ৰঙৰ এবিধে তেজ থাকে বুলি জানিছিল। তাই শৰীৰৰ পৰাই লব কৈছিল তাই। কিন্তু তাইৰ লগত কিবা বোলে তেজৰ প্ৰকাৰ নিমিলে। হাস্পাতালত চিষ্টাৰ বাইদেউবোৰে কোৱাকুই কৰি থকা শুনা পাইছিল তাই।  তাইৰ মানুহজনৰ তেজৰ প্ৰকাৰটো হেনো পাবলৈ টান। এবটল কোনোমতে যোগাৰ হৈছিল। মানুহজনক তিনিবটল দিব লাগিব বুলি কৈছিল ডাক্টৰবাবুৱে। হাহাকাৰ লাগিছিল তাইৰ মন, শৰীৰ সকলোতে। গাঁৱৰ শিশিৰ ককাইটিহতে দ্বিতীয়টো  তেজৰ বটলৰ যোগাৰ কৰি থাকোতেই ডাক্তৰজনে সেমেকা চকুৰে দিছিল খবৰটো। এটা অন্তহীন যতি। 

মানুহজনে মিছা কৈছিল। ৰণ্টু আৰু তাইক লৈ দেখা সপোন বোৰৰ আঁৰত লুকাই ৰাখিছিল নিজৰ বুকুৰ বিষটো। পথাৰৰ ডাঙৰীবোৰৰ মাজত ভালে থকাৰ অভিনয় কৰিছিল। আৰম্ভনিৰো দেৰি হৈছিল বহুত। তাইক খোজ কাঢ়িব শিকাই হঠাৎ হেৰাই গৈছিল মানুহজন। 

পুঁৱতি নিশাই গলগৈ তেওঁ। ডাক্টৰবাবুৰ কথাষাৰ তাইৰ কানত মাটিত পৰা কাঁহৰ থালখনৰ দৰে বাজি থাকিল। ৰঙা তেজেৰে শিতান তিতি থকা বিচনাখনত তাইক মৰম কৰা মানুহজনৰ ভেলটোহে গভীৰ নিদ্ৰাত শুই আছিল। তীব্ৰ বিষ এটাই পকাই ধৰিলে তাইৰ কলিজাত। এনেকৈ মনে মনে পলাই জানো কোনোবা? ইমান বিশ্বাস দিছিল মানুহজনে তাইক। তাইক এৰি গুছি যোৱাৰ কথাটো হোৱা নাছিল কেতিয়াও। খুব সন্তৰ্পণে কাকো নোকোৱাকৈ পলাই দিলে তেওঁ ৰঙবোৰৰ পথাৰত তাইক এৰি অজান কৰবালে অকলে অকলে। ইমান চিঁঞৰিছিল তাই। মানুহজনৰ কানৰ লতিদুটাই তাইৰ চিঞঁৰ নুশোনো বুলিয়েই নিঠৰ হৈ ওলমি ৰৈছিল।  

” মাৰ কাপোৰজোৰ কিয় নিছা? নিনিবানা আইতা।  মাক সেই কাপোৰজোৰ পিন্ধিলে ধুনু লাগে। তুমি নিনিবা সেইজোৰ।” গছপেৰাটোৰপৰা মাকৰ ৰঙা কাপোৰজোৰ পেহী আইতাকে উলিয়াই নিয়া দেখি ৰণ্টুৱে আঁতাহ পাৰি উঠিলতহে তাই সম্বিত বিচাৰি পালে। 

বুকুৰ মাজলৈ ৰণ্টুক টানি হুকহুকাই কান্দি উঠিল তাই। কেনেকৈ বুজাই মাউৰা কণমানিটোক ৰংবোৰ তাইৰ পৰা দেউতাকৰ লগতে যে আঁতৰি গল।